ৰাজ্যত পুনৰ ৫৭০৪ জন কোভিড পজিটিভ, ৮৩ জনৰ মৃত্যু

72
প্ৰতীকাত্মক ফটো

ৰাজ্যত কোৰোনাৰ ভয়াবহ সংক্ৰমণ অব্যাহত আছে। বৃহস্পতিবাৰৰ দিনটোত অসমত পুনৰ ৫৭০৪ জনৰ দেহত কোৰোনাৰ উপস্থিতি পোৱা যায়। আনহাতে এই সময়ছোৱাত ৰাজ্যত পুনৰ ৮৩ জনৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটে।

স্বাস্থ্য বিভাগে সদৰী কৰা মতে, বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰত ৫৬৯ জন, ডিব্ৰুগড়ত ৫২৮ জন, কাছাৰত ৪৪৮ জন আৰু নগাঁৱত ৩৯৩ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ পিছতে ৰাজ্যত মুঠ কোৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৩৯২৫৭৪জনলৈ। অসমত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫৩৭২১জন ৰোগী।