ৰাজ্যত পুনৰ ৪৩০৯জন কোৰোনাত আক্ৰান্ত, ৪৬জনৰ মৃত্যু

61
প্ৰতীকাত্মক ফটো

ৰাজ্যত কোভিড সংক্ৰমণ হ্ৰাস পোৱা নাই! বৃহস্পতিবাৰৰ দিনটোত অসমত পুনৰ ৪৩০৯ জন লোক কোভিড মহামাৰীত আক্ৰান্ত হয়। ইয়াৰ পিছতে ৰাজ্যত ৪২৪৩৮৫ জনলৈ বৃদ্ধি পাইছে কোভিড সংক্ৰমিত ৰোগীৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত অসমত পুনৰ ৪৬জন ৰোগীয়ে কোভিডৰ ফলত প্ৰাণ হেৰুৱাবলগা হৈছে।

স্বাস্থ্য বিভাগে সদৰী কৰা তথ্যমতে, যোৱা ২৪ ঘণ্টাত ৰাজ্যত মুঠ সংক্ৰমিতৰ ৩৮৬জন কামৰূপ মেট্ৰ’ত, ৩৪৭জন তিনিচুকীয়াত, ৩১৮জন কাচাৰত আৰু ২৭৫জন শোণিতপুৰত আক্ৰান্ত হৈছে। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ৪৭৯০জন কোভিড ৰোগীয়ে আৰোগ্য লাভ কৰি ঘৰলৈ উভতিবলৈ সক্ষম হৈছে। ইফালে এতিয়াও ৰাজ্যত চিকিৎসাধীন হৈ আছে ৫০৫৩৪জন ৰোগী।