ৰাজ্যত পুনৰ ৩৭৫১ জন কোভিড পজিটিভ, ৫৫জনৰ মৃত্যু

75

ৰাজ্যত অব্যাহত আছে কোৰোনাৰ আতংক। বুধবাৰৰ দিনটোত অসমত পুনৰ ৩৭৫১ জন লোক কোৰোনাত আক্ৰান্ত হয়। ইয়াৰ বিপৰীতে বুধবাৰে ৫৫ জন কোভিড ৰোগীৰ মৃত্যু ঘটে।

স্বাস্থ্য বিভাগৰ তথ্যানুসৰি বুধবাৰে কামৰূপ মহানগৰত ৪৩০ জন, কাছাৰত ৩৬৬জন, শোণিতপুৰত ২৩১ জন আৰু ডিুব্ৰুগড়ত ২২২ জন লোক কোৰোনাত আক্ৰান্ত হয়। ৰাজ্যত বৰ্তমানলৈকে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৪৪৬৪৪৫জনলৈ বৃদ্ধি পাইছে। ইফালে বুধবাৰে সুস্থ হৈ উঠিছে ৪৩৫৫ জন ৰোগী। বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৪৮৪৯৯জন ৰোগী।