ৰাজ্যত পুনৰ ৩৫২জনৰ দেহত কোভিড সংক্ৰমণ

59
A health worker collects a swab sample from a man for a Covid-19 coronavirus test at a public health centre in Hyderabad on September 17, 2020. (Photo by NOAH SEELAM / AFP) (Photo by NOAH SEELAM/AFP via Getty Images)

অসমত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত পুনৰ ৩৫২ জনৰ দেহত ধৰা পৰে কোভিড সংক্ৰমণ। ইফালে এই সময়ছোৱাত ৰাজ্যত কোৰোনা আক্ৰান্ত হৈ এজন লোকৰো মৃত্যু ঘটে।

অসমত বৰ্তমান কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ২২০৩১০জনলৈ বৃদ্ধি পাইছে। আনহাতে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ২১৫৯৪৩জনলৈ। দেওবাৰৰ দিনটোত ৰাজ্যত ৩৬ জন লোক সুস্থ হৈ উঠাৰ বিপৰীতে ৰাজ্যত বৰ্তমান ১৯০২ জন কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।