ৰাজ্যত পুনৰ ৩,২৯৯ জনৰ দেহত কোভিড পজিটিভ

76

ৰাজ্যত ভয়াবহ হাৰত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। স্বাস্থ্য বিভাগে সদৰী কৰা মতে, বিগত ২৪ ঘণ্টাত অসমত পুনৰ ৩,২৯৯ জনৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। দেওবাৰৰ দিনটোত কোৰোনা আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৪৮ জন ৰোগীৰ।

যোৱা ২৪ ঘণ্টাত কেৱল কামৰূপ মহানগৰতে ১,৩৪৬ জন লোক এই মহামাৰীত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে, যোৱা ২৪ ঘণ্টাত মুঠ ৩৬,১৬৫গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।