গুৱাহাটীঃ ৰাজ্যত বিগত কিছু দিনৰ তুলনাত দুৰ্গা পূজাৰ পিছত কিছু বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। স্বাস্থ্য বিভাগে সদৰী কৰা তথ্য অনুসৰি, শনিবাৰৰ দিনটোত অসমত পুনৰ ৩২৪ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হয়। যাৰ পিছত ৰাজ্যৰ সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা ২,৬২১ জনলৈ বৃদ্ধি পাইছে। আনহাতে ৰাজ্যখনত বৰ্তমান কোভিড পজিটিভৰ হাৰ হৈছে ০.৮১ শতাংশ।
যোৱা ২৪ ঘণ্টাত কৰা ৩৯,৭৬৮ টা কোভিড-১৯ পৰীক্ষাৰ ভিতৰত ৩২৪ জনৰ দেহত কোভিড পজিটিভ ধৰা পৰে। আনহাতে এই সময়ছোৱাত ৩ জন লোকৰ কোভিডৰ ফলত মৃত্যু ঘটে। বিগত এটা দিনত ২১৯ জনে কোভিডৰ পৰা আৰোগ্য লাভ কৰে।
বৰ্তমান কোভিডৰ সৰ্বাধিক সংক্ৰমণ থকা জিলাসমূহ হৈছে- কামৰূপ মেট্ৰ’ (৮৮), বৰপেটা (৫০), যোৰহাট (২১), আৰু কামৰূপ গ্ৰাম্য (১৭)।
ৰাজ্যখনৰ মুঠ আৰোগ্যৰ হাৰ হৈছে ৯৮.৩৭ শতাংশ। সেইদৰে মৃত্যুৰ হাৰ ০.৯৮ শতাংশ।
