ৰাজ্যত পুনৰ ৩১৩২ জন কোৰোনাত আক্ৰান্ত, ১৮জনৰ মৃত্যু

71
প্ৰতীকাত্মক ফটো

ৰাজ্যত পুনৰ ভয়াবহ হৈ পৰিছে কোভিড সংক্ৰমণ। বিগত ২৪ ঘণ্টাত অসমত পুনৰ ৩১৩২ জন লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ লগতে এই সময়ছোৱাত মৃত্যুমুখত পৰিছে ১৮জনকৈ ৰোগী। স্বাস্থ্য বিভাগে সদৰী কৰা তথ্যানুসৰি বিগত ২৪ ঘণ্টাত কেৱল কামৰূপ মহানগৰতে কোৰোনাত আক্ৰান্ত হৈছে ১৩১৩ জন।

উল্লেখ্য যে, মুঠ ৬২,৬২৮ জনৰ কোভিড টেষ্ট কৰা হৈছিল। ৰাজ্যত নতুনকৈ কোৰোনাত আক্ৰান্তৰ হাৰ হৈছে ৫ শতাংশ।