ৰাজ্যত পুনৰ ২ জন PFI সদস্যক গ্ৰেপ্তাৰ…

157

বৃহস্পতিবাৰে নিশা অসম আৰক্ষীৰ বিশেষ কোষে আৰু দুজন পিএফআই সদস্যক গ্ৰেপ্তাৰ কৰে। কৰিমগঞ্জৰ পৰা পি এফ আইৰ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এজনক গুৱাহাটীৰ উপকণ্ঠ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

ধৃত লোককেইজনক এতিয়া কাহিলীপাৰাৰ SOU থানাত জেৰা চলি আছে।

আজি দুয়োজনকে আদালতত হাজিৰ কৰা হ’ব।

এই দুজন সদস্যক গ্ৰেপ্তাৰ কৰাৰ লগে লগে গ্ৰেপ্তাৰ হোৱা মুঠ সদস্য হৈছে ১২ জন।

বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা দহজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ১০জন পি এফ আইৰ ভিতৰত ৯জন পি এফ আই কেডাৰ আৰু এজনৰ পি এফ আইৰ সৈতে সম্পৰ্ক আছিল।

তেওঁলোকক আদালতত হাজিৰ কৰাই আৰক্ষীয়ে ১৪ দিনৰ ন্যায়িক জিম্মাত বিচাৰিছিল যদিও আদালতে ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।

সদস্যসকলৰ পৰা আৰক্ষীয়ে মোবাইল ফোন আৰু কিছু নথি-পত্ৰ জব্দ কৰি আদালতত হাজিৰ কৰে।

তেওঁলোকৰ বিৰুদ্ধে গোচৰ নং 02/2022 u/s 120(B),124(A)/153(A)/353 নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে।