প্ৰতীকাত্মক ফটো
গুৱাহাটীঃ ৰাজ্যত যথেষ্ট হ্ৰাস পাইছে কোভিড সংক্ৰমণৰ হাৰ। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি সোমবাৰে ৰাজ্যত ২৭০ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে বিগত এটা দিনত ৫ জন লোকৰ কোভিডৰ ফলত মৃত্যু ঘটে। আনহাতে বিগত ২৪ ঘণ্টাৰ সংক্ৰমণৰ পিছত ৰাজ্যত মুঠ কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৬,০৫,২৩৯ লৈ বৃদ্ধি পাইছে আৰু মৃত্যুৰ সংখ্যা ৫,৯৩১ জনলৈ বৃদ্ধি পাইছে। অৱশ্যে দেওবাৰৰ দিনটোত ৰাজ্যত ১৬০ জন লোক কোভিডত আক্ৰান্ত হৈছিল।
তথ্য অনুসৰি, সোমবাৰে কামৰূপ মেট্ৰ’পলিটানত সৰ্বাধিক ১০৪ জন কোৰোনাত আক্ৰান্ত হয়। আনহাতে বৰপেটা (২০), যোৰহাট (১৯), আৰু কামৰূপ গ্ৰাম্যত (১৫) দেখা পোৱা যায় কোভিডৰ সংক্ৰমণৰ হাৰ।
যোৰহাটত সংক্ৰমণৰ ফলত দুজন আৰু কাছাৰ, কাৰ্বি আংলং আৰু নগাঁও জিলাত এজনকৈ লোকৰ মৃত্যু হয়।
বৰ্তমান মৃত্যুৰ হাৰ হৈছে ০.৯৮ শতাংশ। ৰাজ্যখনত এতিয়া ২,৬৪৭ জন ৰোগীৰ চিকিৎসা চলি আছে। আনহাতে এতিয়ালৈকে ৫,৯৫,৩১৪ জন লোক সংক্ৰমণৰ পৰা আৰোগ্য হৈছে, যাৰ ভিতৰত যোৱা ২৪ ঘণ্টাত ২২৩ জনো আছে।
