ৰাজ্যত পুনৰ ২৬৭ জন কোভিড পজিটিভ, ৬ জনৰ মৃত্যু

131

ৰাজ্যত ক্ৰমাগতভাৱে হ্ৰাস পাইছে কোভিডৰ সংক্ৰমণ। ৰাজ্যিক ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৰাজ্যত ২৬৭ জন নতুনকৈ কোৰোনাত আক্ৰান্ত হয়। এই সময়ছোৱাত ৬ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আৰোগ্য লাভ কৰে ৭৬৬ জনে।

ৰাজ্যত এতিয়া সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হৈছে ৩,৯১৬ জন। অসমত কোভিডৰ পজিটিভিটি হাৰ ০.৯১ শতাংশলৈ হ্ৰাস পাইছে।

যোৱা ২৪ ঘণ্টাত কৰা ২৯,৪৩২ টা পৰীক্ষা সম্পন্ন কৰা হৈছিল। যাৰ ভিতৰত সৰ্বাধিক ঘটনা কামৰূপ মেট্ৰ’ (১০০), কামৰূপ (১৮), বৰপেটা (১৬), আৰু ডিমা হাচাও (১৪)ত ধৰা পৰে।