ৰাজ্যত পুনৰ ২৫৭৫ কোভিড পজিটিভ, ৩৭ জনৰ মৃত্যু

110

গুৱাহাটীঃ ৰাজ্যত অব্যাহত আছে কোৰোনাৰ সংক্ৰমণ। সোমবাৰৰ দিনটোত ৰাজ্যত পুনৰ ২৫৭৫ জন লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ লগতে ৩৭ জন ৰোগীৰ কোভিডৰ ফলত মৃত্যু ঘটে।

ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্যানুসৰি, সোমবাৰৰ দিনটোত গোলাঘাটত ২৬৮ জন, কামৰূপ মহানগৰ জিলাত ২১৭ জন, যোৰহাটত ১৯৬ জন আৰু লখিমপুৰত ১৭২ জন সৰ্বাধিক লোক কোৰোনাত আক্ৰান্ত হয়।

ইফালে ৰাজ্যত সোমবাৰে কোভিডৰ পৰা মুক্ত হয় ২৯১৬ জন। স্বাস্থ্য বিভাগৰ মতে, অসমত বৰ্তমানলৈকে কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ৫৩৬২৩৮জনলৈ বৃদ্ধি পাইছে। আনহাতে ৪৮৬৫ জন লোকে অসমত এতিয়ালৈকে কোভিডৰ ফলত প্ৰাণ হেৰুৱাইছে।