ৰাজ্যত পুনৰ ২০৪৬ জন কোভিড পজিটিভ, ২২ জনৰ মৃত্যু

82

গুৱাহাটীঃ বুধবাৰৰ দিনটোত ৰাজ্যত পুনৰ ২০৪৬ জন লোক কোৰোনাত আক্ৰান্ত হয়। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৪ ঘণ্টাত মুঠ আক্ৰান্তৰ ২২৮জন গোলাঘাটত, ২০৭জন কামৰূপ মেট্ৰ’ত, ১২২জন শিৱসাগৰত আৰু ১১৫জন লখিমপুৰত ধৰা পৰিছে।

ইফালে বুধবাৰে ৰাজ্যত পুনৰ ২২ জন ৰোগীয়ে কোভিডৰ ফলত প্ৰাণ হেৰুৱায়। অসমত বৰ্তমানলৈকে কোভিড আক্ৰান্তৰ সংখ্যা ৫৪০৪৫৩জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত আৰোগ্য লাভ কৰে ২৬৫৫ জনে। ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৯৬৫৩জন ৰোগী।