গুৱাহাটীঃ ৰাজ্যত শুকুৰবাৰে ১৪৭ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হয়। ইয়াৰ পিছতে অসমত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা ২,১৬১ জনলৈ বৃদ্ধি পাইছে। ৰাজ্যত কোভিড পজিটিভৰ হাৰ হৈছে ০.৯৩ শতাংশ।
যোৱা ২৪ ঘণ্টাত কৰা ১৫,৮০৫ টা কোভিড-১৯ পৰীক্ষাৰ ভিতৰত ১৪৭ জন সংক্ৰমিত ধৰা পৰে। আনহাতে এই সময়ছোৱাত এজন লোকৰ মৃত্যু ঘটে। বিগত এটা দিনত ২৮৪ জনে আৰোগ্য লাভ কৰে।
সৰ্বাধিক ঘটনা থকা জিলাবোৰ হ’ল কামৰূপ মেট্ৰ’ (৬৩), যোৰহাট (৯), শিৱসাগৰ (১৩), আৰু বৰপেটা (৭)। ৰাজ্যখনৰ আৰোগ্য লাভৰ হাৰ ৯৮.৮৮ শতাংশলৈ বৃদ্ধি পাইছে।