ৰাজ্যত ক্ৰমাৎ ভয়ংকৰ হাৰত বৃদ্ধি কোভিড সংক্ৰমণ। বিগত ২৪ ঘণ্টাত ৰাজ্যত পুনৰ ১৩৬৭ গৰাকীৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে এই সময়ছোৱাত ৬ জনৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে।
স্বাস্থ্য বিভাগে সদৰী কৰা মতে, যোৱা ২৪ ঘণ্টাত কামৰূপ মেট্ৰ’ত ৪৮২ জন, ডিব্ৰুগড়ত ১০৯,কামৰূপ গ্ৰাম্যৰ ১০৬ গৰাকী, শোনিতপুৰত ৬৭ গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈছে। উল্লেখ্য যে, যোৱা ২৪ ঘণ্টাত মুঠ ৬৫,৪১০ গৰাকীৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল।