গুৱাহাটীঃ ৰাজ্যত পুনৰ ১৩০জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, শুকুৰবাৰে ৰাজ্যত ১৩৫ জন কোভিড ৰোগী সুস্থ হৈ উঠে। বৰ্তমান ৰাজ্যত ১০৯৪ জন কোভিড ৰোগীৰ চিকিৎসা চলি আছে। ৰাজ্যৰ পজিটিভিটি হাৰ হৈছে ০.৪০ শতাংশ। আনহাতে যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত এজনৰো কোৰোনাত মৃত্যু ঘটা নাই।
যোৱা ২৪ ঘণ্টাত কৰা ৩২,২৮১ টা পৰীক্ষাৰ ভিতৰত আজি নতুন ঘটনাবোৰ ধৰা পৰিছিল, আৰু সৰ্বাধিক ঘটনাকামৰূপ মেট্ৰ’ (৬৬), কামৰূপ গ্ৰাম্য (৮), বৰপেটা (৬) আৰু নগাঁও (৬)ত ধৰা পৰে।