ৰাজ্যত পুনৰ ১২৭৫ জন কোভিড পজিটিভ, ১৯ জনৰ মৃত্যু

72

গুৱাহাটীঃ ৰাজ্যত কোভিড সংক্ৰমণৰ হাৰ পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন জিলাতে সান্ধ্য আইন শিথিল কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্যমতে, সোমবাৰৰ দিনটোত ৰাজ্যত পুনৰ ১২৭৫ জন লোক কোভিডত আক্ৰান্ত হয়। এই সময়ছোৱাত কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটা ৰোগীৰ সংখ্যা ১৯ জন।

স্বাস্থ্য বিভাগৰ মতে, সোমবাৰৰ দিনটোত ৰাজ্যত কোভিড সংক্ৰমণৰ হাৰ হৈছে ০.৭২ শতাংশ। বিগত ২৪ ঘণ্টাত অসমত মুঠ ১,৭৬,১৯৭ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হয়। ইফালে এই সময়ছোৱাত ১৪৬৯ জন ৰোগী সুস্থ হৈ উঠে।

সোমবাৰৰ দিনটোত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ২০৯ গৰাকী, গোলাঘাটত ১০৬ গৰাকী, ডিব্ৰুগড়ত ৯০ জন আৰু কামৰূপ গ্ৰাম্য জিলাত ৬৯ গৰাকী ব্যক্তি কোৰোনাত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে।