ৰাজ্যত পুনৰ ভয়াবহ কোভিড সংক্ৰমণ! ২৪ ঘণ্টাত ৮০৭২ জন আক্ৰান্ত

100

ৰাজ্যত পুনৰ ভয়াবহ হৈ পৰিছে কোভিড সংক্ৰমণ। পুনৰ এবাৰ অসমত কোৰোনাৰ সংক্ৰমণৰ হাৰে অভিলেখ সৃষ্টি কৰিছে।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ৰাজ্যত পুনৰ ৮০৭২ জন লোক কোৰোনাত আক্ৰান্ত হয়। এই সময়ছোৱাত কোভিডৰ ফলত প্ৰাণ হেৰুৱাই ১৬ জন লোকে।

আনহাতে সংক্ৰমণৰ দিশত এতিয়া শীৰ্ষত আছে গুৱাহাটী মহানগৰ। যোৱা এটা দিনত কেৱল গুৱাহাটীতে কোভিডত আক্ৰান্ত হয় ১,৯৯৬ জন। ইয়াৰ বিপৰীতে ডিব্ৰুগড়ত ৫৫১, কাছাৰত ৪৭৪, যোৰহাটত ৪৭০, কামৰূপত ৩৯৪, তিনিচুকীয়াত ৩০১, নগাঁৱত ২৮৮, গোলাঘাটত ২৭৩, লখিমপুৰত ২০৫, নলবাৰীত ২৪০বৰপোটাত ২৫৩, ধুবুৰীত ২৪০ গৰাকী লোক আক্ৰান্ত হয়।

উল্লেখ্য যে সোমবাৰে ৰাজ্যত আক্ৰন্তৰ সংখ্যা আছিল ৬৯৮২ গৰাকী।