ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ হাৰ

54

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। বিগত প্ৰায় দুসপ্তাহৰ ভিতৰত মঙলবাৰৰ দিনটোত ৰাজ্যত ২ শতাংশতকৈও অধিক হাৰত কোৰোনাৰ সংক্ৰমণ ঘটিছে। ইফালে বিগত দিনৰ তুলনাত মঙলবাৰে হ্ৰাস পাইছে কোভিডৰ ফলত মৃত্যু ঘটা ৰোগীৰ সংখ্যা।

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্যানুসৰি, মঙলবাৰে ৰাজ্যত পুনৰ ২৬৭২ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে। বিগত ২৪ ঘণ্টাত কোভিডৰ ফলত মৃত্যু ঘটিছে ২৭ গৰাকী ৰোগীৰ। উল্লেখ্য যে, সোমবাৰে কোৰোনাৰ কবলত পৰি মৃত্যু ঘটা ৰোগীৰ সংখ্যা আছিল ৪২ গৰাকী।

স্বাস্থ্য বিভাগৰ তথ্যানুসৰি, অসমত বৰ্তমান পজিটিভ ৰোগীৰ হাৰ ২.৬৪ শতাংশ হোৱাৰ বিপৰীতে সুস্থতাৰ হাৰ হৈছে ৯৩.৭৭ শতাংশ। ৰাজ্যত মঙলবাৰৰ দিনটোত ১,০১,২২২ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হয়।