ৰাজ্যত অব্যাহত আছে ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ কুকীৰ্তি।
পুনৰ এবাৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল আন এজন লাটমণ্ডল।
এইবাৰ নগাঁও জিলাৰ ৰহা ৰাজ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
অভিযানত ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ দিলীপ ৰয় নামৰ লাট মণ্ডলজনক।
ইফালে লাট মণ্ডলজনৰ মধ্যস্থতাকাৰী হিচাপে ধন সংগ্ৰহ কৰা ৰহমত আলী নামৰ আন এজনকো কৰা হৈছে গ্ৰেপ্তাৰ।
