ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ১৫৬ জন

94

দেওবাৰৰ দিনটোত ৰাজ্যত পুনৰ কোভিডত আক্ৰান্ত হৈছে ১৫৬ জন। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ১৯,৭১২ জন লোকৰ কোভিড পৰীক্ষা কৰা হৈছিল। আক্ৰান্তৰ হাৰ হৈছে ০.৭৯ শতাংশ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে সদৰী কৰে এই তথ্য।

ৰাজ্যখনত সৰ্বাধিক লোক আক্ৰান্ত হয় কামৰূপ মহানগৰ জিলাত। জিলাখনৰ ৭৮ জন লোকৰ দেহত ধৰা পৰে কোভিডৰ অৱস্থিতি। অৱশ্যে সকাহৰ খবৰ যে দেওবাৰে কোনো কোৰোনাত আক্ৰান্ত লোকৰ মৃত্যু হোৱা নাই।

সম্প্ৰতি অসমত কৰোনা ভাইৰাছৰ পৰা সুস্থ হৈ উঠা লোকৰ হাৰ হৈছে ৯৮.৬৩ শতাংশ।