ৰাজ্যত পুনৰ এনকাউণ্টাৰ! কাছাৰত আৰক্ষীৰ গুলীত নিহত দুই দুৰ্ধৰ্ষ ডকাইত

260

শনিবাৰে নিশা কাছাৰ জিলাত আৰক্ষীৰ এক এনকাউণ্টাৰত গুলীয়াই হত্যা কৰা হয় দুটা দুৰ্ধৰ্ষ ডকইত।

কাছাৰৰ সোণাই ছাইদপুৰ আৰু সোণাই কৃষ্ণপুৰৰ বাসিন্দা ক্ৰমে কামৰুল ইছলাম আৰু অমৰুল হুছেইন নামৰ ডকাইত দুটাক গুলীয়াই হত্যা কৰে আৰক্ষীয়ে।

সূত্ৰ অনুসৰি, আৰক্ষীৰ জিম্মাত পৰা পলাবলৈ চেষ্টা কৰাৰ পিছতে ডকাইত কেইটাৰ ওপৰত গুলীচালনা কৰা হয়। দুয়োজনৰে থিতাতে মৃত্যু হয়।

কেইবাদিনো পূৰ্বে আৰক্ষীয়ে যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰিছিল এই যুটিটোক কেইবাটাও অপৰাধত জড়িত থকাৰ বাবে।

যোৱা মাহত হাইলাকান্দি আৰক্ষীৰ এনকাউণ্টাৰত এজন মোষ্ট ৱাণ্টেড কয়লা মাফিয়াক গুলীয়াই হত্যা কৰা হৈছিল।

নিহত কয়লা মাফিয়াজনৰ নাম আব্দুল আহদ চৌধুৰী। কৰিমগঞ্জ জিলাৰ বাসিন্দা আছিল।

হাইলাকান্দিৰ লালা অসামৰিক চিকিৎসালয়ত চিকিৎসা পৰীক্ষাৰ সময়ত মাফিয়াই আৰক্ষীৰ জিম্মাত পৰা পলাবলৈ চেষ্টা কৰাৰ পিছতে আৰক্ষীয়ে গুলীচালনাৰ আশ্ৰয় লয়।