ৰাজ্যত অপৰাধৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই থকা অভিযানৰ মাজতে এইবাৰ গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীত আহত হ’ল এজন কুখ্যাত ভূ মাফিয়া। আৰক্ষীৰে সংঘৰ্ষৰ সময়ত ভৰিত আঘাত পোৱা ভূ মাফিয়াজনৰ নাম ৰমেন বুলি জানিব পৰা গৈছে।
বাতৰি অনুসৰি লখৰাৰ লালুং গাওঁৰ বাসিন্দা ৰমেন এজন পৰিচিত ভূমি বেদখল আৰু ৰেকেটৰ সদস্য আছিল। গ্ৰেপ্তাৰ হোৱা ব্যক্তিৰ তথ্যৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চ আৰু বশিষ্ঠ আৰক্ষীয়ে অধিক সন্দেহযুক্ত লোকৰ সন্ধান উলিয়াবলৈ অভিযান চলাই থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।
আৰক্ষীৰ অভিযানৰ সময়ত অভিযুক্ত ভূ মাফিয়াজনে পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰাত অভিযুক্তৰ সোঁভৰিত গুলী লাগে।
ঘটনাৰ পিছতে তেওঁক গৌহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে।
