ৰাজ্যত নাটনি হব পাৰে ৰন্ধন গেছ চিলিণ্ডাৰৰ

100

ৰাজ্যত হব পাৰে ৰন্ধন গেছ চিলিণ্ডাৰৰ নাটনি। বহিৰাগতৰ বিপৰীতে থলুৱাক কামৰ নিবিদা প্ৰদানৰ দাবীত নৰ্থ ইষ্ট ট্ৰেন্সপৰ্টাৰ এছ’চিয়েশ্যনে ঘোষণা কৰা ধৰ্মঘটৰ পিছতে ৰাজ্যত ৰন্ধন গেছৰ নাটনি ঘটাৰ আংশকা বৃদ্ধি পাইছে।

উল্লেখ্য যে, ৰন্ধন গেছৰ বটলিং প্লান্ট আৰু পৰিবহন সেৱাত থলুৱা লোকক কামৰ নিবিদা প্ৰদান কৰাৰ দাবীত অসমৰ ৬টা আৰু নাগালেণ্ডৰ দুটা বটলিং প্লান্টত ২৩ জুনৰ পৰা অনিৰ্দিষ্ট কাললৈ পৰিবহন সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এনইটিএয়ে। যাৰ পৰিপ্ৰেক্ষিতত মিৰ্জা-সৰাপাৰ, দুলীয়াজান, উত্তৰ গুৱাহাটী, শিলচৰ, ডিমাপুৰ, চেমাইৰ, গোপানাৰী, বঙাইগাঁৱৰ বটলিং প্লান্টতো স্থবিৰতা নমাৰ সম্ভাৱনা বৃদ্ধি পাইছে। যাৰ বাবে ৰাজ্যত এক দীৰ্ঘ সময়ৰ বাবে ৰন্ধন গেছৰ নাটনি ঘটিব পাৰে।