ৰাজ্যত দ্ৰুত গতিত অব্যাহত আছে ভেকচিন অভিযান, মুখ্যমন্ত্ৰীক অভিনন্দন জনালে ৰাষ্ট্ৰীয় বিজেপিৰ অধ্যক্ষই

62

ৰাজ্যত হ্ৰাস পাইছে কোৰোনাৰ সংক্ৰমণৰ হাৰ। তাৰ বিপৰীতে দ্ৰুত গতিত অব্যাহত আছে কোভিড ভেকচিন প্ৰদান অভিযান। অসমত বৰ্তমানলৈকে ৬৯ লাখ লোকক কোভিড ভেকচিন প্ৰদান কৰা হৈছে আৰু প্ৰতি দিনে ৩.৫ লাখ লোকক ভেকচিন প্ৰদান চলি আছে। এই কথা প্ৰকাশ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাই।

আজি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে অসমৰ দ্ৰুত ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰ বাবে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জ্ঞাপন কৰি কয় যে এয়া অসমত বিজেপি চৰকাৰৰ সফলতা। কোৰোনাত প্ৰতিহত কৰি চৰকাৰে দ্ৰুত হাৰত ভেকচিন প্ৰদান অভিযান অব্যাহত ৰাখিছে।

উল্লেখ্য যে, হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত ভিডিঅ’ কনফাৰেন্সযোগে সংযুক্ত হয় জে পি নড্ডা।