ষ্টাফৰিপৰ্টাৰ, ৯ জুন :
ৰাজ্যত খাদ্য সামগ্ৰীৰ বৰ্ধিত
মূল্যবৃদ্ধিৰ বিৰুদ্ধে মঙলবাৰে আম আদমি পাৰ্টি
(আপ)য়ে সামাজিক দূৰত্ব বজাই ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে। আপে গুৱাহাটীক্লাবত সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰি অসমৰ জনসাধাৰণক সকাহ দিবলৈ যোগান বিভাগক দাবী জনায়। এই কাৰ্যসূচীৰ জৰিয়তে আপৰ যুটীয়া সমন্বয়ক আব্দুল ৱাহিদে কয় ” লকডাউনৰ পৰিস্থিতিত সৰ্বসাধাৰণ ৰাইজ আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে। বহু লোক কৰ্মহীন হ’ব লগীয়া অৱস্থা হৈছে। লকডাউনৰ পূৰ্বৰ নিত্য ব্যৱহাৰিক সামগ্ৰীৰ বজাৰ মূল্য আৰু এতিয়াৰ নিত্য ব্যৱহাৰিক সামগ্ৰীৰ বজাৰ মূল্যৰ মাজত যথেষ্ট প্রভেদ আছে। শাক-পাচলি আদিৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো অসম চৰকাৰৰ যোগান বিভাগ ব্যৰ্থ হৈছে। এচাম অসাধু ব্যৱসায়ীয়ে নিজৰ খেয়াল খুচি মতে দাম নিৰ্ধাৰণ কৰি মুনাফা আদায় কৰি আছে। সেই ব্যৱসায়ী সকলৰ বিৰুদ্ধে ও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনালোঁ।” এই কাৰ্যসূচীত আপৰ সমম্বয়ক ভবেন চৌধুৰী, সাধাৰণ সম্পাদক বনদ্বীপ দত্ত আদি উপস্থিত থাকি যোগান বিভাগক এই ক্ষেত্ৰত যথাবিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।
