ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা ১ লাখ ৬৯ হাজাৰলৈ বৃদ্ধি…

62

গুৱাহাটীঃ ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পাইছে কোৰোনা সংক্ৰমণৰ সংখ্যা। শনিবাৰে ৰাজ্যত পুনৰ ১৭৩৬ জনৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পাছতে ৰাজ্যত কোভিড আক্ৰান্তৰ মুখ্য আক্ৰান্তৰ সংখ্যা ১৬৯১১০জনলৈ বৃদ্ধি পায়। ইফালে শনিবাৰৰ দিনটোতে ১৫৯৫ জন কোভিড ৰোগী সুস্থ হৈ ঘৰলৈ উভতিবলৈ সক্ষম হৈছে। ইয়াৰ পিছতে ৰাজ্যত সুস্থ হোৱা ৰোগীৰ সংখ্যা ১৩৮৩০৭জন হৈছেগৈ।

স্বাস্থ্য বিভাগে সদৰী কৰা মতে, শনিবাৰৰ দিনটোত কামৰূপ মেট্ৰ’ত ৩৮৭ জন, যোৰহাটত ১৪৫ জন আৰু ডিব্ৰুগড়ত ১৩০ জন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হয়। ৰাজ্যত এতিয়ালৈকে ৬৩৮ জন লোকৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে।