ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ

117

ৰাজ্যত এতিয়া বানৰ তাণ্ডব। চাৰিওদিশে বানৰ কবলত পৰি দুখ-যন্ত্ৰণাত ককবকাই আছে সৰ্বসাধাৰণ। কিন্তু এনে যন্ত্ৰণাৰ মাজতে নগাঁও জিলাৰ ৰহা বিধানসভাৰ হাটবৰত এটা যাতায়তৰ পথে বছৰ বছৰ ধৰি চৰম যন্ত্ৰণা ভুগাইছে গাঁওবাসীক। চাওক এই দৃশ্যবোৰ। হয়, এইটো ৰহা সমষ্টিৰ হাটবৰ গাঁও পঞ্চায়তৰ ৪নং ৱাৰ্ডৰ পশ্চিম হাটবৰ গাঁও। মূলপথৰ গুণেন্দ্ৰ গাঁওখোৱাৰ ঘৰৰ পৰা কপিলীনদীৰ মাথাউৰি সংযোগী পথটোৰ বৰ্তমানৰ দুৰৱস্থা এয়া। বিগত ১৯৮৫ চনতে নিৰ্মাণ কৰা এই পথটোৱেই হ’ল পশ্চিম হাটবৰ গাঁওৰ একমাত্ৰ যাতায়তী পথ।