ৰাজ্যত আজিৰে পৰা নতুন এছঅ’পি…

107

ৰাজ্যত আজিৰে পৰা প্ৰযোজ্য হ’ব ক’ভিডৰ নতুন নিৰ্দেশনা। নতুন নিৰ্দেশনা অনুসৰি ৰাজ্যত অনিৰ্দিষ্ট কাললৈ অষ্টম শ্ৰেণী পৰ্যন্ত বিদ্যালয় সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

পূৰ্বৰ এছ অ’ পিত গুৱাহাটীক বাদ দি ৰাজ্যৰ অন্যান্য প্ৰান্তত পঞ্চম শ্ৰেণীলৈ ৩০ জানুৱাৰী পৰ্যন্ত পাঠদান বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছিল। গুৱাহাটীত পূৰ্বৰে পৰা অষ্টম শ্ৰেণীলৈ বিদ্যালয় সমূহ বন্ধ ৰখা হৈছিল। ৰাজ্যৰ সকলো জিলাৰ বিদ্যালয় সমূহত অষ্টম শ্ৰেণীলৈ পাঠদান বন্ধ থাকিব।

পৰৱৰ্তী নিৰ্দেশনা প্ৰকাশ নকৰা পৰ্যন্ত বিদ্যালয় সমূহে অষ্টম শ্ৰেণীলৈ ভাৰ্চুৱেল পদ্ধতিত পাঠদান কৰিব লাগিব। নিয়মীয়াভাৱে ৰাজ্যৰ ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকা হৈছে আৰু শিক্ষা বিভাগে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰিব।

আনহাতে, নতুন এছ অ’ পিত ৰাজ্যৰ বিদ্যালয়/মহাবিদ্যালয়/বিশ্ববিদ্যালয়ে ভাৰ্চুৱেল পদ্ধতিতো পাঠদান আগবঢ়াই যাব লাগিব বুলি নিৰ্দেশনা দিয়ে।নতুন এছ অ’ পিত অষ্টম শ্ৰেণীৰ উৰ্ধৰ শ্ৰেণী সমূহৰ বাবে পাঠদানৰ নিয়মৰ কোনোধৰণৰ সলনি কৰা হোৱা নায়।

নৱমৰ পৰা একাদশ শ্ৰেণীলৈ সপ্তাহত তিনিদিনকৈ পাঠদান চলি থাকিব আৰু দ্বাদশ শ্ৰেণী, অভিযান্ত্ৰিক, চিকিৎসা মহাবিদ্যালয়ত পূৰ্বৰ ধৰণেৰে পাঠদান অব্যাহত থাকিব।