ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

79

ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা।

উল্লেখ্য যে, এইবাৰ ২০২১ বৰ্ষৰ প্ৰশ্নকাকতেৰেই অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা। পুৰণি প্ৰশ্নকাকত ব্যৱহাৰক লৈ ৰাজ্যত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটাত পিছত নিজৰ সিদ্ধান্ত অটল ৰাখে শিক্ষা সংসদে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ৪,১৯,৮৮৭ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ লগতে হাই মাদ্ৰাছাত অৱতীৰ্ণ হৈছে মুঠ ১১,২৪৫ গৰাকী শিক্ষাৰ্থী। ৰাজ্যৰ প্ৰায় ৯০৩ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা।

আনহাতে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে ২,১৫,০২২ গৰাকী পৰীক্ষাৰ্থী। ৰাজ্যৰ ৭৯৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা। উল্লেখযোগ্য যে এইবাৰ পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকত পঢ়িবলৈ অতিৰিক্তভাৱে ১৫ মিনিট সময় লাভ কৰিব।