ৰাজ্যত অব্যাহত আছে কোৰোনাৰ সংহাৰ, মৃত্যু ঘটা ৰোগীৰ সংখ্যা ৯৫২ জনলৈ বৃদ্ধি

60

ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বতে এতিয়া কৰ’নাৰ সংহাৰ ৷ প্ৰতিদিনেই কৰ’নাত আক্ৰান্ত হৈ আছে হাজাৰ হাজাৰ লোক৷ কোনো দেশত যদি কৰ’নাত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে কোনো ঠাইত আকৌ বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা ৷

মঙলবাৰে অসমত পুনৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু হৈছে পাঁচগৰাকী ব্যক্তিৰ । এই কথা টুইটাৰযোগে প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে, অসমত বৰ্তমানলৈ ২০৯০০০ কৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ২০১০০০ কৈ অধিক লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে ।অসমত ক’ৰ’নাৰ পৰা আৰোগ্যৰ হাৰো ৯০ শতাংশ অতিক্ৰম কৰিছে ।

অসমত বৰ্তমানলৈ কৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯৫২ গৰাকীলৈ বৃদ্ধি পাইছে ।