আজি ৰাজ্যৰ চৌদিশে পালন কৰা হব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩তম জন্মোত্সৱ। সত্ৰনগৰী বৰপেটাকে মুখ্য কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰক চাৰিওজনা গুৰুৰ মিলনভূমি বৰপেটা জিলাৰ প্ৰায়বোৰ সত্ৰ-নামঘৰতে আজি সত্ৰীয়া ৰীতি-পৰম্পৰাৰে পালন কৰা হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি ৷ ইয়াৰ সমান্তৰালকৈ বৰপেটা সত্ৰতো দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ জন্ম জয়ন্তী পালন কৰা হয় ৷
গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে বৰপেটা সত্ৰত ভকত বৈষ্ণৱসকলে পুৱাৰ প্ৰসংগত ভাগ লয় ৷ হৰিনাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰে সত্ৰনগৰী বৰপেটাৰ চৌদিশ ৷ পুৱাৰ প্ৰসংগৰ লগতে কীৰ্তনঘৰত ঘোষা-কীৰ্তন আদিও গোৱা হয় ৷ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মা আৰু ডেকা সত্ৰীয়া গৌতম পাঠক দুজনায়ো পুৱাৰ প্ৰসংগত অংশগ্ৰহণ কৰে ৷ বৰপেটা সত্ৰত মহাপুৰুষ শংকৰদেৱৰ জন্মোৎসৱ সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে পালন কৰা হয়। গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে সত্ৰনগৰী বৰপেটাৰ ভকত বৈষ্ণৱ, বাপ বান্ধৱ, আই মাতৃসকলে সত্ৰত উপস্থিত হৈ গুৰুজনালৈ সেৱা ভক্তি নিবেদন কৰে ৷ ইফালে, গুৰুজনাই উজনি অসম ত্যাগ কৰি ধুৱাহাটা বেলগুৰিৰ পৰা ভকত সমন্বিতে ভটিয়াই আহি বৰপেটাৰ পালেংদিবৰীত ছমাহ কাল নিৱাস কৰা ঐতিহ্যমণ্ডিত থান চিনপৰা ভিঠি থানতো দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰিছে। ৷
গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে পুৱাৰ প্ৰসংগৰ পাচতে বৰপেটা সত্ৰৰ পৰা বৰবজাৰলৈ ভকত বৈষ্ণৱৰ অংশগ্ৰহণেৰে এক ভাগৱত শোভাযাত্ৰা উলিওৱা হ’ব ৷ বৰপেটা সত্ৰৰ লগতে বৰপেটাৰোড শাখা সত্ৰ, পাটবাউসী সত্ৰ, গজিয়া সত্ৰ, জনীয়া সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বাৰাদি সত্ৰ, গোমূৰা সত্ৰ, চেঙাৰ ভৰি ধুৱা ঘাটসত্ৰ আদিতো গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে ৷ (ETV Bharat)