ৰাজহ চক্ৰ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মত-বিনিময়, দালালিৰাজ বন্ধ কৰাৰ নিৰ্দেশ

100

আজি কলাক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়া, ADCৰ সন্মিলনত বিষয়াসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত ৰাজহ চক্ৰ বিভাগৰ বিভিন্ন দিশ সন্দৰ্ভত বুজ লোৱাৰ লগতে বিভাগত পৰি থকা ফাইলসমূহ অহা ৬ অক্টোবৰৰ ভিতৰত নিষ্পত্তি কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে।

আনহাতে ৰাজহ চক্ৰ বিভাগত চলি থকা দালালিৰাজ বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কামৰ বিনিময়ত কোনেও ধন ল’ব নোৱাৰিব বুলি সকীয়নী দি মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো সেৱা বিনামূলীয়াকৈ আগবঢ়াবলৈ ৰাজহ চক্ৰ বিষয়া সকলক পৰামৰ্শ প্ৰদান কৰে।