ৰাজস্থান চৰকাৰ ভংগৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত কংগ্ৰেছৰ ৰাষ্ট্ৰজোৰা ‘গণতন্ত্ৰ বচাও সংবিধান বচাও’ কাৰ্যসূচী

121

ষ্টাফৰিপৰ্টাৰ, ৰাজস্থান চৰকাৰ ভংগৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত কংগ্ৰেছ দলে সোমবাৰে ৰাষ্ট্ৰজোৰা’ গণতন্ত্ৰ বচাও সংবিধান বচাও’ কাৰ্যসূচী গ্ৰহণ কৰে। ৰাজস্থানৰ বিসম্বাদী কংগ্ৰেছী নেতা শচীন পাইলটৰ নেতৃত্বত১৯ জনকৈ বিধায়কে বিদ্ৰোহ ঘোষনা কৰাৰ পিছত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাই দিনক দিনে নতুন ৰূপ লৈছে ৷ৰাজস্থান উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়লয়ৰ ৰায় বিদ্ৰোহী পক্ষলৈ যোৱাৰ পাছত বিধান সভাৰ বিশেষ অধিবেশনত অনুষ্ঠিত কৰি সংখ্যা গৰিষ্ঠতা প্ৰমানৰ বাবে মুখ্য মন্ত্ৰী অশোক গেহলটে ৰাজ্য পালক দুখনকৈ পত্ৰ প্ৰেৰন কৰে ৷তৎস্বত্বেও ৰাজ্যপাল গৰাকীয়ে বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে দলে ৷ সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীত অসম প্রদেশ কংগ্ৰেছ কমিটিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্রদেশ
কংগ্ৰেছ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত কেইবাশতাধিক কংগ্ৰেছ কৰ্মীৰ উপস্থিতি প্ৰতিবাদ সাব্যস্ত কৰে ৷
গুৱাহাটী ক্লাৱ ৰটাৰীত হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে
প্ৰতিবাদকাৰী সকলে ‘বিজেপি চৰকাৰ হায় হায়, বি জে পি গ’ বেক, নৰেন্দ্ৰ মোদী হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়, গণতন্ত্ৰৰ হত্যাকাৰী হায় হায়, গণতন্ত্ৰক ৰক্ষা কৰক, ৰাহুল গান্ধী জিন্দাবাদ
বিধায়ক কিনা বেছা বন্ধ কৰক, সংবিধান ৰক্ষা কৰক ,গনতন্ত্ৰ হত্যাকাৰী বিজেপি হুছিয়াৰ আদি
শ্লোগান দিয়ে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেষ্ঠ্য কংগ্ৰেছ নেতা তৰুন গগৈয়ে কয় ‘ৰাজস্থানৰ ৰাজ্যপালে বিজেপি আৰ এছৰ এজেন্ট হিচাপ কাম কৰিছে ৷ কংগ্ৰেছৰ সংখ্যা গৰিষ্ঠ আছে , তথাপি বিজেপিয়ে বিধায়ক কিনা বেছা কৰি চৰকাৰ গঠনৰ বাবে গনতন্ত্ৰক হত্যা কৰিবলৈ কুন্ঠাবোধ কৰা নাই ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বিশেষ অধিবেশন অনুষ্ঠিত কৰিবলৈ ৰাজ্যপাললৈ পত্ৰ প্ৰেৰন কৰিছে যদিও বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহন নকৰিলে।’ আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় ‘বিজেপি চৰকাৰে গনতন্ত্ৰক ভৰিৰে মোহৰি যি কোনো প্ৰকাৰে চৰকাৰ গঠন কৰিব লাগে বুলি কেৱল জানে ৷ তেওঁ লোকৰ মুল উদ্দেশ্য হল ক্ষমতা ৷ সেইবাবেই যিকোনো প্ৰকাৰে বিধায়ক বেছা কিনা কৰি হলেও ৰাজস্থানত
চৰকাৰ গঠন কৰিবলৈ উঠিপৰি লাগিছে ৷বিজিপিয়ে সংবিধান ধ্বংস কৰাৰ চেষ্টা কৰিছে। ৰাজস্থানৰ ৰাজ্য পালে পদমৰ্যদাৰ অপব্যবহাৰ
কৰিছে। তেওঁ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে।’ আনহাতে প্ৰতিবাদ স্থলীত আৰক্ষী প্ৰশাসনে সামাজিক দূৰত্বৰ কথা কৈ বাধা দিয়াৰ পৰিপ্ৰেক্ষিতত সভাপতি গৰাকীয়ে পুনৰ কয় ‘ আমাক সামাজিক দূৰত্বৰ শিকোৱাতকৈ প্ৰতিবাদত বাধা দিয়াতকৈ নিজৰ মন্ত্ৰী বিধায়কক শিকাওক।নিয়ম সকলোৰে বাবে একে হ’ব লাগে। হিটলাৰৰ শাসনতকৈ ভয়াবহ শাসন চলাইছে বিজেপিয়ে। তেওঁলোকৰ একনায়কত্ববাদী শাসনৰ প্ৰত্যুত্তৰ ২০২১ চনৰ নিৰ্বাচনত দেশৰ জনগণে দিব । আমি দেশৰ জনগণক গণতন্ত্ৰ ৰক্ষা কৰিবলৈ, সংবিধান ৰক্ষা কৰিবলৈ আহ্বান জনালোঁ।’ উল্লেখ্য কংগ্ৰেছ কেইবাগৰাকী বিধায়কৰ লগতে জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ লগতে যুৱ কংগ্ৰেছৰ বিষয় ববীয়া প্ৰতিবাদ স্থলীত অংশ গ্ৰহন কৰে ৷