ডিজিটেল ডেস্কঃ ৰাজস্থানৰ বাহৰেইচৰ টাপ্পে চিপাহ অঞ্চলত ৰোডৱেজ বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫ জন আহত হয়।
বুধবাৰে পুৱা সংঘটিত হোৱা এই ঘটনাত ৬ জন লোকে প্ৰাণ হেৰুৱাইছে বুলি ষ্টেচন হাউছৰ বিষয়া ৰাজেশ সিঙে নিশ্চিত কৰিছে।
আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
ঘটনাস্থলীত উপস্থিত আৰক্ষী। দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
জিলা দণ্ডাধীশ ডাঃ দীনেশ চন্দ্ৰই কয় যে বাছখন জয়পুৰৰ পৰা আহি বাহৰেইচলৈ গৈ আছিল। ৰাতিপুৱা প্ৰায় ৪:৩০ বজাত ভুল দিশৰ পৰা অহা এখন ট্ৰাকৰ লগত খুন্দা মাৰে।
জিলা দণ্ডাধীশে জানিবলৈ দিয়া মতে, আহত ১৫ জনৰ ভিতৰত চাৰিজন লোকৰ অৱস্থা সংকটজনক হৈ আছে আৰু তেওঁলোকৰ চিকিৎসাৰ উপযুক্ত ব্যৱস্থা কৰা হৈছে।
ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দুৰ্ঘটনাত লোকৰ মৃত্যুক লৈ শোক প্ৰকাশ কৰে। তেওঁ বিদেহ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনায়।
আহতসকলক উপযুক্ত চিকিৎসাৰ বাবে শীঘ্ৰে চিকিৎসালয়লৈ লৈ যাবলৈ জিলা প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।
