ৰাজস্থানত সংঘটিত হৈছে এক দুৰ্ঘটনা।
ৰাজ্যখনৰ ঝুনঝুনু জিলাত লিফট খহি পৰাৰ ফলত 14 গৰাকী লোক আৱদ্ধ হৈ পৰে।
হিন্দুস্তান কপাৰ লিমিটেডৰ তামৰ খনিত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল।
বৰ্তমানলৈকে অব্যাহত আছে উদ্ধাৰ অভিযান।
