বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত শনিবাৰে উদ্বোধন হ’ল ৰাজস্থানৰ নাথদ্বাৰ নগৰত নিৰ্মাণ কৰা ভগৱান শিৱৰ বিশ্বৰ ভিতৰতে সুউচ্চ প্ৰতিমূৰ্তিটো।
শনিবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, বিধানসভাৰ অধ্যক্ষ চি পি যোশীৰ লগতে অসংখ্য লোকৰ উপস্থিতিত উদ্বোধন কৰা হয় ৩৬৯ ফুট উচ্চতাৰ শিৱৰ প্ৰতিমূৰ্তিটো।
উল্লেখ্য যে, উদয়পুৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ নিলগত ৫১ বিঘা ভূমি সামৰি পাহাৰৰ শিখৰত নিৰ্মাণ কৰা শিৱৰ সুউচ্চ প্ৰতিমূৰ্তিটো দৃশ্যমান হ’ব ২০ কিলোমিটাৰ নিলগৰ পৰাই।
ডম্বৰুধৰ শিৱৰ এই প্ৰতিমূৰ্তিটোৱে ৰাজস্থানৰ ধৰ্মীয় পৰ্যটনক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰে প্ৰতিমূৰ্তি নিৰ্মাণ প্ৰতিষ্ঠানৰ ট্ৰাষ্টী তথা মিৰাজ গোটৰ অধ্যক্ষ মদন পালিৱালে।
তাত পদম প্ৰতিষ্ঠানে নিৰ্মাণ কৰা এই প্ৰতিমূৰ্তিটো বিশেষ পোহৰেৰে আলোকিত কৰাৰ বাবে নিশাও স্পষ্টকৈ দেখা যাব বুলি অনুষ্ঠানটোৰ মুখপাত্ৰ জয়প্ৰকাশ মালিয়ে জনায়।
প্ৰতিমূৰ্তিৰ শিখৰলৈ যোৱাৰ বাবে লিফ্ট, চিৰি নিৰ্মাণৰ লগতে প্ৰতিমূৰ্তিটোৰ লগতে ভক্তৰ বাবে এটা হল নিৰ্মাণ কৰা হৈছে বুলিও জানিব পৰা গৈছে।
বাতৰি অনুসৰি, ভগৱান শিৱৰ প্ৰতিমূৰ্তিটো নিৰ্মাণত মুঠ তিনি হাজাৰ টন তীখা আৰু লো, ২.৫ লাখ ঘনটন বালি আৰু কংক্ৰিট ব্যৱহাৰ কৰা হৈছে।
২০১২ চনৰ আগষ্টত প্ৰতিমূৰ্তিটোৰ প্ৰকল্পৰ ভেটি স্থাপনৰ পিছত ১০ বছৰত নিৰ্মাণকাৰ্য সম্পন্ন কৰা হৈছে শিৱৰ প্ৰতিমূৰ্তিটোৰ।