ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

194

ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা প্ৰাণৰক্ষা পৰিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। গৃহমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা ৰথৰ চকাত এডাল বিদ্যুত পৰিবাহী তাঁৰৰ সংস্পৰ্শ ঘটে। যাৰ ফলত ভয়ংকৰ দুৰ্ঘটনাৰ পৰে ৰক্ষা পৰে অমিত শ্বাহ। ৰজস্থানৰ নগৌৰত সংঘটিত হয় এই ঘটনা।

মঙলবাৰে বিদিয়াৰগ্ৰামৰ পৰা পৰ্বতসৰলৈ গৈ আছিল শ্বাহৰ ৰথ। পৰ্বতসৰৰ এটা জনবসতিপূৰ্ণ অঞ্চলৰ মাজেৰে পাৰ হৈ যাওঁতে ৰথখন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহে। সেই ৰাস্তাৰ দুয়োকাষে দোকান-পোহাৰ আৰু বসতি আছে। লেনখনৰ মাজেৰে গৈ থাকোঁতে তেওঁৰ ৰথখন বিদ্যুতৰ তাঁৰ এডালে চুই যায়। তাৰ পৰাই স্ফুলিংগৰ সৃষ্টি হয়। তাৰ পিছত কেবলটো স্নেপ হয়। এই ঘটনাৰ পিছত কনভয়ত থকা লোকসকল আতংকিত হৈ পৰে। কিন্তু অমিত শ্বাহে প্ৰচাৰ বন্ধ নকৰিলে। এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰী অশোক গেহলটে এই সন্দৰ্ভত তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানত উপস্থিত হয় ডিস্কমৰ বিষয়া। প্ৰায় এঘণ্টা ধৰি সমগ্ৰ অঞ্চলটোত বিদ্যুৎ সেৱা বন্ধ হৈ থাকে।

জয়পুৰত এখন সংবাদমেলত মুখ্যমন্ত্ৰী অশোক গেহলটে সাংবাদিকৰ আগত কয় যে আৰক্ষীক এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ঘটনাৰ পিছত শ্বাহৰ ‘ৰথ’ৰ পিছফালে থকা আন বাহনসমূহ লগে লগে বন্ধ হৈ পৰে আৰু বিদ্যুৎ বন্ধ হৈ পৰে।

২৫ নৱেম্বৰৰ ৰাজস্থান নিৰ্বাচনৰ পূৰ্বে লিয়া প্ৰাৰ্থীৰ সমৰ্থনত কুচামান, মকৰানা আৰু নগৌৰ তিনিখনকৈ সভাত ভাষণ প্ৰদান কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰসংগক্ৰমে ৰাজস্থানে এটা পৰ্যায়ত ভোটদান কৰিব। ৩ ডিচেম্বৰত প্ৰকাশ পাব ফলাফল। গেৰুৱা শিবিৰে বিধানসভা নিৰ্বাচনৰ বাবে তীব্ৰ প্ৰচাৰ চলাইছে।

পৰ্বতসৰ বিধান সভা সমষ্টিত অমিত শ্বাহে ৰোড শ্ব’ অনুষ্ঠিত কৰাৰ কথা আছিল। দুৰ্ঘটনাৰ পিছত বাতিল কৰা হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, সংঘৰ্ষৰ পিছত বিদ্যুতৰ পাইলনত স্ফুলিংগ দেখা গৈছিল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অমিত শ্বাহৰ নিৰ্ধাৰিত ৰোড শ্ব’ বাতিল কৰা হয়। ঘটনা সন্দৰ্ভত বিজেপি নেত্ৰী তথা মন্ত্ৰী অলকা গুৰজাৰে কয় যে এই ঘটনাৰ আঁৰত নিশ্চিতভাৱে ষড়যন্ত্ৰ আছে। তেওঁ অভিযোগ কৰে যে অমিত শ্বাহ সেই ৰাস্তাৰে যাব বুলি সকলোৱে জানে। গতিকে হয়তো ইচ্ছাকৃতভাৱে কিবা এটা কৰা হৈছে।