ৰাজস্থানত গ্ৰেপ্তাৰ পাক চোৰাংচোৱা সংস্থা ISIৰ এজেণ্ট

87

ডিজিটেল ডেস্কঃ ভাৰতৰ পৰা গোপনে পাকিস্তানক বিভিন্ন তথ্য যোগান ধৰি হোৱা পাক চোৰাংচোৱা সংস্থা আই এছ আইৰ এজন গুপ্তচৰক অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে। হবিব খান নামৰ এই আইএছআই এজেণ্ট জনৰ বিষয়ে দিল্লী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত জানিব পৰাৰ পিছতে আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে অভিযান চলাই ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ভাৰতৰ বিভিন্ন চৰকাৰী বিভাগৰ গোপন তথ্য হাবিব খানে আইএছআইক যোগান ধৰি আহিছিল। ইফালে হাবিবৰ পিছতে অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত এই নেটৱৰ্কৰে জড়িত আন কেইবাজনকো আৰক্ষী আটক কৰি তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে, হাবিব খান বিকানেৰৰ নিৱাসী।