ৰাজমিস্ত্ৰীৰ পুত্ৰ ৰমিজ আলীৰ অসম আৰক্ষীৰ S.I. পদত নিযুক্তি

325

ৰাজমিস্ত্ৰীৰ পুত্ৰ ৰমিজ আলীৰ অসম আৰক্ষীৰ S.I. পদত নিযুক্তি

এটকাও উৎকোচ নিদিয়াকৈ বৰপেটা ভেল্লাৰ অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী যুৱকে লাভ কৰিলে অসম আৰক্ষীৰ উপ- পৰিদৰ্শকৰ চাকৰি ।
দৰিদ্ৰতাই যেন হেঙাৰ হব নোৱাৰে । তাৰেই এক উৎকৃষ্ট উদাহৰণ বৰপেটা জিলাৰ ভেল্লা খন্দকাৰপাৰাৰ এইগৰাকী ৰমিজ আলী । সদ্য ঘোষিত অসম আৰক্ষীৰ উপ- পৰিদৰ্শকৰ পদত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ ভেল্লা খন্দকাৰপাৰাৰ ৰহিম উদ্দিন আহমেদ আৰু ৰহিমা বেগমৰ একমাত্ৰ পুত্ৰ ৰমিজ আলীও লাভ কৰে এই নিযুক্তি ।এই সাফল্যত উৎফুল্লিত ৰমিজ আলীৰ পিতৃ-মাতৃ আৰু আত্মীয়ৰ লগতে গাঁওবাসী । অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ৰমিজ আলী । ৰমিজ আলীৰ পিতৃ পেচাত এগৰাকী ৰাজমিস্ত্ৰী । উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিকা আৰু স্বচ্ছতাৰে হোৱা অসম আৰক্ষীৰ S.I. পদত নিযুক্তি লাভ কৰি মুখ্যমন্ত্ৰী আৰু DGP ভাস্কৰজ্যোতি মহন্তক ধন্যবাদ জনায় ৰমিজ আলী আৰু তেওঁৰ পৰিয়ালে ।