ৰাজপথত যুৱতীক নৃশংস হত্যা, চিচি টিভিত বন্দী দৃশ্য…

55

ডিজিটেল ডেস্কঃ ৰাজপথত লাভ জেহাদৰ বলি হ’ল যুৱতী। চিচি টিভিত বন্দী হোৱা দৃশ্যই এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ২১ বছৰীয়া এগৰাকী যুৱতীক কলেজৰ বাহিৰত গুলীয়াই হত্যা কৰাৰ ঘটনাই আকৌ এবাৰ সেই প্ৰশ্নৰে অৱতাৰণা কৰিছে- নাৰী কিমান সুৰক্ষিত?

হাৰিয়ানাৰ ফৰিদাবাদৰ বল্লভগড়ত সংঘটিত হৈছে এই নৃশংস ঘটনা। ২১ বছৰীয়া এগৰাকী যুুৱতীয়ে প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই ৰাজপথত বান্ধৱীৰ সন্মুখতে গুলীয়াই হত্যা কৰা হ’ল। হত্যাৰ বলি হোৱা যুৱতীগৰাকীৰ নাম নিকিতা তোমাৰ আৰু হত্যাকাৰীৰ নাম তৌছিফ। সোমবাৰে পৰীক্ষা দি কলেজৰ পৰা বান্ধৱীৰ সৈতে ওলাই আহিছিল নিকিতা। তাৰ পিছতে তৌছিফ আৰু তাৰ এজন বন্ধুৱে যুৱতীগৰাকীক অপহৰণৰ চেষ্টা চলায়। কিন্তু সেয়া কৰিবলৈ বিফল হোৱাত হাতৰ পিষ্টলৰে শূণ্য দূৰত্বৰ পৰা গুলীচালনা কৰে নিকিতাৰ ওপৰত।

সংকটজনক অৱস্থাত নিকিতা তোমাৰক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ৰাজপথৰ সেই হত্যাৰ লোমহৰ্ষক দৃশ্য বন্দী হৈছে চিচি
টিভি কেমেৰাত। নিকিতাৰ পৰিয়ালৰ লোকে এয়া লাভ জেহাদ বুলি দাবী কৰিছে। পৰিয়ালৰ মতে, পূৰ্বেও তৌছিফ নামৰ যুৱকজনে নিকিতাক হাৰাশাস্তি কৰি আহিছিল। ২০১৮ চনতে তৌছিফৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল পৰিয়ালৰ লোকে। কিন্তু তাৰ পিছতো যেন নিস্তাৰ নাপালে যুৱতীগৰাকীয়ে।

আৰক্ষীয়ে হত্যাকাৰী তৌছিফক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও পলাতক হৈ আছে আন এজন যুৱক। উত্তৰ প্ৰদেশৰ হাথৰস কাণ্ডক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এনেদৰে ৰাজপথত এগৰাকী যুৱতীক হত্যা কৰাৰ শিহৰণকাৰী দৃশ্যই এতিয়া নাৰীৰ সুৰক্ষাক লৈ বহু প্ৰশ্নৰে অৱতাৰণা কৰিছে।