ৰাজপথত পৰি ৰোৱা মৃত কুকুৰৰ মাংস ভক্ষণ ভোকাতুৰ লোকৰ…

504

শনিবাৰে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এজন ভোকাতুৰ লোকে খালে ৰাজপথত পৰি থকা এটা মৃত কুকুৰৰ মাংস। ভোকত কুকুৰৰ মাংস খোৱা এই লোকজনে নিজকে দুলীয়াজানৰ খগেন মোদক বুলি পৰিচয় দিয়ে।

খবৰ অনুসৰি, মৃত কুকুৰৰ দেহটো মানুহজনে ৰাজপথত সকলোৰে সন্মুখত ভক্ষণ কৰে। এই দৃশ্য প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে স্থানীয় লোকসকল। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক ভয়ংকৰ পৰিস্থিতিৰ।

জানিব পৰা মতে, কিছুদিন পূৰ্বে ৰঙিয়াৰ ৩১ নং ঘাইপথত তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু ঘটিছিল কুকুৰটোৰ।

ইফালে, সচেতন নাগৰিকে এই ক্ষেত্ৰত প্ৰশাসনৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে।