ৰাজপথত ট্ৰাফিক আৰক্ষীক এক কিলোমিটাৰ চোঁচৰাই নিয়া গাড়ী চালক এতিয়া ৰঙাঘৰৰ আলহী

64

ডিজিটেল ডেস্কঃ ৰাজপথত গাড়ী চালকৰ দৌৰাত্ম্য। চালকে ভয় নকৰে ট্ৰাফিক আৰক্ষীক, পালন নকৰে ট্ৰাফিক ৰুল। তেনে এক ঘটনাই সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনে চহৰত। কোভিড প্ৰট’কল নমনা এজন গাড়ী বাহন চালকক ৰখাবলৈ যাওতে উদণ্ড চালকে ট্ৰাফিক আৰক্ষীকে গাড়ীৰে মহতিয়াই নিয়াৰ চেষ্টা কৰিলে।

পুনেৰ পিম্পৰী চিঞ্চৱাড়ত সংঘটিত এই ঘটনাৰ দৃশ্যই এতিয়া সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। মাস্ক পৰিধান নকৰা এজন উদণ্ড গাড়ী চালকক ৰখাবলৈ চেষ্টা কৰা ট্ৰেফিক আৰক্ষী অৱচাহেব সাৱন্তক গাড়ীৰে খুন্দিয়াবলৈ চেষ্টা কৰে যুৱৰাজ হনুমন্তে নামৰ চালকজনে। কিন্তু কোনোমতে ট্ৰাফিক আৰক্ষীগৰাকীয়ে নিজৰ জীৱন ৰক্ষা কৰি গাড়ীৰ বনেটৰ ওপৰত জপিয়াই দিয়াত প্ৰাণ ৰক্ষা পৰে। কিন্তু ইমানৰ পিছতো গাড়ী নৰখালে চালকে। বনেটৰ ওপৰতে এক কিলোমিটাৰ পথ ট্ৰেফিক আৰক্ষীগৰাকীক চোঁচৰাই লৈ যায় উদণ্ড চালকজনে।

পিছত অইন ট্ৰাফিক আৰক্ষীয়ে বাইক আৰু অন্য বাহনেৰে পিছা কৰি উদণ্ড চালকজনৰ হাতৰ পৰা ট্ৰাফিক আৰক্ষী গৰাকীৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়। সামান্য পৰিমাণে আঘাত প্ৰাপ্ত হোৱা ট্ৰাফিক আৰক্ষী আৱচাহেব সাৱন্তক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আনহাতে উদণ্ড গাড়ী চালক যুৱৰাজ হনুৱতেৰ বিৰুদ্ধে হত্যাৰ অপচেষ্টা, ট্ৰাফিক আইন উলংঘা আদি কেইবাটাও অভিযোগত গোচৰ ৰুজু কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।