ৰাজনৈতিক নেতাৰ জৰিয়তে চলে নেকি দুৰ্নীতি?

457

বাইহাটা চাৰিআলি-ৰামগাঁও- নাগ্ৰিজুলি গড়কাপ্টানী পথত ডাম্পাৰৰ দৌৰাত্ম।

নিশা হ’লে গোৰেশ্বৰ নাগ্ৰিজুলি পথত চলে অবৈধ ডাম্পাৰৰ দৌৰাত্মক ।

কিদৰে চলিছে বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখেৰে চালান বিহিন ডাম্পাৰ।

চৰকাৰ যিমানে কঠোৰ নহওক কিয় ,প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষ যদি কঠোৰ নহয় তেতিয়া হ’লে দুৰ্নীতিৰ,অন্যায়,লুণ্ঠন লগতে অনিয়ম কেতিয়াও বন্ধ নহয়।
দুৰ্নীতি, অন্যায়,লুণ্ঠন,অনিয়ম সংঘটিত হয় প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষৰ সহযোগত।

কাৰ আৰ্শীবাদত এতিয়া দিনে নিশাই চলিছে চালান বিহিন ডাম্পাৰ ?তাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে।নিমাত কিয় বন বিভাগ আৰু বৰমুৰীয়া সকল।

যদি প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষৰ সহযোগত নহয় তেতিয়া হ’লে কেনেকৈ নিশা গোৰেশ্বৰত ডাম্পাৰ সমুহে অভাৰ লোড কঢ়িয়াই ৰাজহ ফাঁকি দি শিল বালি কঢ়িয়াই থাকিব পাৰে?


তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বগামাটি অঞ্চলৰ লগতে পুঠিমাৰী নৈৰ বিভিন্ন ঘাটৰ পৰা নিতৌ ডাম্পাৰ সমুহে শিল বালি অভাৰ লোড কঢ়িয়াই বন বিভাগৰ লগতে শুৱাগপুৰ আৰু গোৰেশ্বৰ আৰক্ষীৰ সন্মুখেৰে কঢ়িয়াই থাকিব পাৰে ই এক বৃহত প্ৰশ্ন।

এতিয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে ৰাজহ ফাঁকি দি শিল বালি লুণ্ঠন কৰি থকা কৰ্ম কেতিয়া বন্ধ কৰিব আৰক্ষী তথা বন বিভাগে?

নে কোনোবা ৰাজনৈতিক নেতা ? নে কোনো আমোলা বিষয়া জড়িত হৈ এই লুণ্ঠন চলাই গৈছে।