ৰাজনীতিত ভৰি দিব চনু সুদৰ ভগ্নী মালবিকাই

107

ডিজিটেল ডেস্কঃ নিজৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিব পাৰে বলিউডৰ অভিনেতা তথা লকডাউনৰ সময়ত ৰিয়েল হিৰ’ৰ খ্যাতি লাভ কৰা চনু সুদে! দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে হোৱা বৈঠকৰ পিছৰে পৰা তেওঁৰ ৰাজিনীতিত যোগদানৰ জল্পনা-কল্পনা চলি আহিছে যদিও চনু সুদে সেয়া অস্বীকাৰ কৰিছে। কিন্তু ৰাজনীতিৰ পথাৰত নিজে নানামিলেও তেওঁৰ ভগ্নীয়ে ভোটাধিকাৰ যুঁজত অৱতীৰ্ণ হবলৈ প্ৰস্তুতি চলোৱাৰ বিষয়ে জানিব পৰা গৈছে। খবৰ অনুসৰি, অভিনেতাগৰাকীৰ ভগ্নী মালবিকা সুদে আগন্তুক পঞ্জাৱ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছে। চনু সুদে দেওবাৰে সংবাদ মাধ্যমক কয় যে মালবিকাই নিৰ্বাচনত অৱতীৰ্ণ হব। পঞ্জাৱৰ মাগা অঞ্চলত এখন সংবাদমেলত এই ঘোষণা কৰে অভিনেতাগৰাকীয়ে। এই অনুষ্ঠানত মালবিকাও উপস্থিত থাকে। অৱশ্যে, তেওঁ এতিয়াও প্ৰকাশ কৰা নাই যে তেওঁ কোন দলৰ প্ৰাৰ্থী হ’বলৈ গৈ আছে। অভিনেতাজনেও এই সন্দৰ্ভত বেছি মন্তব্য কৰা নাই।

চনুৱে কয় যে ৰাজনীতিৰ ক্ষেত্ৰত তেওঁৰ কোনো ইচ্ছা নাই। অৱশ্যে, তেওঁৰ পৰিয়ালে পঞ্জাৱৰ লোকসকলৰ কাষত থিয় দিব বিচাৰে। অভিনেতাজনে কয় যে তেওঁ প্ৰশাসনিক পৰ্যায়ৰ পৰা সাধাৰণ মানুহক সহায় কৰিব বিচাৰে। আৰু মালবিকাই পৰিয়ালটোৰ এই উদ্দেশ্য কাৰ্যকৰী কৰিবলৈ ৰাজনীতিৰে জড়িত হব বিচাৰিছে।

ভগ্নী মালবিকাই কোন দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। ছনু সুদে কয়, ‘এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।” অৱশ্যে, সূত্ৰই জনোৱা মতে অভিনেতাজনে ইতিমধ্যে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীক সাক্ষাৎ কৰিছে। ৰাজনৈতিক বিশ্লেষকসকলে অনুভৱ কৰে যে ইয়াৰ মাজতে মালবিকাৰ কংগ্ৰেছৰ সম্ভাৱনা অধিক।