ৰাজঘাটত জাতিৰ পিতাক স্মৰণ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, ছোনিয়া গান্ধীৰ

91

ভাৰতে আজি ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ ১৫২তম জন্ম জয়ন্তী উদযাপন কৰিছে। মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ বিশেষ উপলক্ষে আজি ৰাজঘাটৰ গান্ধী সমাধিত এক সৰ্ব ধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৰাজঘাটত উপস্থিত হৈ বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গান্ধী জয়ন্তীৰ প্ৰাকমুহূৰ্তত দেশবাসীক শুভেচ্ছা জনায় আৰু ভাৰতক মহাত্মা গান্ধীৰ সপোনৰ দেশ হিচাপে গঢ়ি তোলাৰ সংকল্প ল’বলৈ কয়। “গান্ধী জয়ন্তী সকলো ভাৰতীয়ৰ বাবে এক বিশেষ দিন” -তেওঁ কয়। গান্ধীজীৰ সংগ্ৰাম আৰু ত্যাগক স্মৰণ কৰাৰ এইটো আমাৰ সকলোৰে বাবে এটা সুযোগ। এই সুযোগে আমাক আমাৰ দেশৰ সমৃদ্ধি আৰু উন্নয়নৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত এক নম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধেয় বাপুৰ জীৱন আৰু আদৰ্শই দেশৰ প্ৰতিটো প্ৰজন্মক কৰ্তব্যৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।