ৰাখীবন্ধনৰ দিনাই দুই ভগ্নীক দলবদ্ধ ধৰ্ষণ! বিজেপি নেতাৰ পুত্ৰসহ ১০ জনক গ্ৰেপ্তাৰ

421

এফালে ইছৰোৰ ৫০ গৰাকী মহিলা বিজ্ঞানীৰ সফলতাক লৈ গৌৰৱাম্বিত সমগ্ৰ দেশ, আনফালে অব্যাহত আছে নাৰীৰ বিৰুদ্ধে অপৰাধ। ছত্তীশগড়ত ৰাখীবন্ধনৰ পিছত আত্মীয়ৰ ঘৰৰ পৰা উভতি আহিছিল দুগৰাকী ভগ্নী। আৰু তেতিয়াই পথ অৱৰোধ কৰি দলবদ্ধ ধৰ্ষণ কৰা হয় দুই ভগ্নীক। এই ঘটনাক লৈ ১০ জনক অভিযুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আছে স্থানীয় বিজেপি নেতাৰ পুত্ৰও। ঘটনাৰ তদন্তৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। দুই সংকটজনক ভুক্তভোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ছত্তীশগড়ৰ ৰায়পুৰত সংঘটিত হৈছে এই ভয়াবহ ঘটনা। ভুক্তভোগী ভগ্নীদ্বয়ৰ বয়স ক্ৰমে ১৯ আৰু ১৬ বছৰ। তেওঁলোকৰ লগত এজন যুৱক আছিল। যুৱকজনক প্ৰথমে আক্ৰমণ কৰাৰ পিছত অভিযুক্তই ৰায়পুৰৰ ৰিমছ মেডিকেল কলেজৰ সন্মুখৰ পৰা দুগৰাকী ভগ্নীক লৈ যায়। ইয়াৰ পিছত দুগৰাকী ছোৱালীক নিঃসংগ স্থানলৈ লৈ গৈ ধৰ্ষণ কৰে। সংগীয়ে ঘৰত থকা যুৱতীসকলক খবৰ দিয়ে। পৰিয়ালটোৱে আৰক্ষীক এজাহাৰ দাখিল কৰে। সেই ভিত্তিতে খৰধৰকৈ অনুসন্ধান আৰম্ভ হ’ল।

ৰিমছ মেডিকেল কলেজৰ সমীপৰ অঞ্চলৰ পৰা উদ্ধাৰ কৰে দুগৰাকী যুৱতীক। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইতিমধ্যে আৰক্ষীয়ে দহজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে। মূল অভিযুক্ত হৈছে স্থানীয় বিজেপি নেতা লক্ষ্মীনাৰায়ণ সিঙৰ পুত্ৰ পুনম। তেওঁৰ বিৰুদ্ধে কেইবাটাও অপৰাধমূলক গোচৰ আছে। আগষ্ট মাহত তেওঁক মুকলি কৰি দিয়া হৈছিল।