ৰাইজৰ মৰম আৰু বিশ্বাসে পুনৰবাৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিব ভাৰতীয় জনতা পাৰ্টীৰ

101

ষ্টাফৰিপৰ্টাৰ, ‘সাম্প্ৰতিক সময়ত অখিল গগৈ বা তেওঁৰ সংগঠটোৱে ২০২১ৰ নিৰ্বাচনত বিজেপিৰ বিৰাট কিবা ক্ষতি কৰিব পাৰিব বুলি ভবাটোত একো যুক্তি বিচাৰি পোৱা নাই ৷ আৰু সেই লৈ বিজেপিয়ে কোনোধৰণৰ শংকাও কৰা নাই ৷ নগাওঁ লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে অখিল গগৈ সন্দৰ্ভত বিজেপি চৰকাৰৰ ওপৰত অনা অভিযোগটোক নসাৎ কৰি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই কয় ‘যোৱাটো লোকসভা নিৰ্বাচনৰ সময়তো অখিল গগৈকে প্ৰমুখ্যে কৰি একাংশ নেতা আৰু বিৰোধী দলে জনতাৰ মাজত বিজেপি চৰকাৰখনৰ বিপক্ষে এক প্ৰতিস্থান বিৰোধী জনমত গঢ়ি তোলাৰ কাৰণে যথেষ্ট চেষ্টা কৰা দেখা গৈছিল ৷ কিন্তু জনতাই তেওঁলোকৰ সেই কাৰ্যত বিশেষ কিছু লোকৰ ব্যক্তিগত স্বাৰ্থ নিহিত থকাৰ কথা বুজি পাইছিল আৰু সেয়েহে ৰাইজে পুনৰাই এন ডি এ নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসক প্ৰমাণিত কৰি আকৌ এবাৰ শাসনলৈ আনিছিল । অসমৰ ৰাইজ এতিয়া ইমান অপৰিপক্ব নহয় ৷ তেওঁলোকে চৰকাৰে কি কাম কৰি আছে সেয়া উপলব্ধি কৰিব পাৰে ৷ আৰু অসমৰ ৰাইজে সততা আৰু নিষ্ঠাৰে ৰাইজৰ সেৱাত কাম কৰি থকা এই চৰকাৰখনক সদায়েই গুৰুত্ব দিব আৰু আকৌ এবাৰ ৰাইজৰ মৰম আৰু বিশ্বাসে পুনৰবাৰ অসমত চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিব ভাৰতীয় জনতা পাৰ্টীৰ ৷ তাৰোপৰি তেখেতে কয় যে অখিল গগৈৰ বিৰুদ্ধে বৰ্তমান চলি থকা অধিকাংশ গোচৰেই পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনৰে, আৰু বিষয়বোৰ যিহেতু ন্যায়ালয়ৰ বিচাৰাধীন সেয়েহে ইয়াত বিজেপি চৰকাৰে বিশেষ কৰিব লগা একো নাই ৷ন্যায়পালিকাৰ কৰ্তব্য যিহেতু বিধানপালিকাৰ পৰা সম্পূৰ্ণ পৃথক সেয়েহে ন্যায়ালয়ৰ বিষয়টোত হস্তক্ষেপ বিচৰা কথাটো আইন বিৰুদ্ধ ৷ তেওঁ লগতে অখিল গগৈ সন্দৰ্ভত ন্যায়ালয়ৰ গোচৰাধীন বিষয়সমূহত এই মূহূৰ্তত কংগ্ৰেছ দলে
দেখুওৱা তত্‍পৰতাক অত্যন্ত দুখঃজনক আখ্যা দিয়ে ৷ তেওঁ কয় ‘ তৰুণ গগৈৰ নেতৃত্বাধীন চৰকাৰৰ সময়তে উত্থাপিত গোচৰবোৰত এতিয়াও আটকাধীন অখিল গগৈক সমৰ্থন কৰিবলৈ কোনখন মুখেৰে আগবাঢ়ি আহিছে কংগ্ৰেছ নেতৃত্ব ? মানে তেওঁলোকেই গোচৰ তৰিব, শাস্তিৰ দাবীও কৰিব আৰু তেওঁলোকেই মুক্তি বিচাৰিব ৷ তেওঁ লগতে কেৱল ৰাজনীতিৰ নামত ৰাজনীতি নকৰি ন্যায়পালিকা, বিধানপালিকা আৰু কাৰ্যপালিকাক স্বতন্ত্ৰভাৱে কৰি যাবলৈ সহযোগ কৰাৰ লগতে এই স্বাধীনতাত কোনো ধৰণৰ হস্তক্ষেপ নকৰিবলৈ কংগ্ৰেছ নেতৃত্বত আহ্বান জনায়।’