ৰাইজৰ প্ৰহাৰত মৃত্যু ঘটিল দুৰ্ধৰ্ষ অপৰাধী গেৰেজাইৰ

263

ৰাইজৰ প্ৰহাৰত মৃত্যু দুৰ্ধৰ্ষ অপৰাধী গেৰেজাইৰ। লখিমপুৰ আৰক্ষীৰ নিদ্ৰা হৰণকাৰী দুৰ্ধৰ্ষ নৰ হত্যাকাৰী গেৰজাই ওৰফে ৰাজু বৰুৱাৰ ৰাইজৰ ৰোষত পৰি মৃত্যু।

মমূৰ্ষু অৱস্থাত পুৱা উদ্ধাৰ হৈছিল গেৰেজাই ওৰফে ৰাজু বৰুৱা। ঢকুৱাখনা চিকিত্সালয়ত মৃত ঘোষণা দুৰ্ধৰ্ষ অপৰাধীটো।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱতি নিশা ঢকুৱাখনা, ঘিলামৰা আৰক্ষীৰ যুটীয়া অভিযান কালত ঢকুৱাখনা ঘূণাসুঁতি গড়কাপ্তানী পথৰ বাসুদেৱ দলংৰ তলৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে।

সেই স্থানতে ৰাইজে উপৰ্যুপৰি প্ৰহাৰ কৰে গেৰজাইক। ঘটনাত আহত এজন গৃহৰক্ষী জোৱান জগুৰাম চিন্তে।

উল্লেখ্য যে, ঢকুৱাখনা আদালতৰ শৌচাগাৰৰ খিৰিকী ভাঙি পলায়ন কৰিছিল গেৰজাই ওৰফে ৰাজু বৰুৱাসহ তেওঁৰ দুই সতীৰ্থ অপৰাধী।

পলায়ন কৰা আন দুগৰাকী অপৰাধী আছিল যতীন তামুলী আৰু সোণটি দাস।

আৰক্ষীয়ে অপৰাধী তিনিজনক ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদলতত হাজিৰ কৰিবলৈ আনিছিল। কিন্তু আদালতৰ লকআপৰ ভিতৰত থকা শৌচাগাৰৰ ভিতৰৰ খিৰিকীৰ গ্ৰীল, গ্লাছ ভাঙি পলায়ন কৰিছিল তিনিওজনে।