ৰাংঢালী’, ‘মৰমী’ আদি জনপ্ৰিয় ছবিৰ নায়ক মণি ৰাজখোৱাৰ মৃত্যু

83

ষ্টাফৰিপৰ্টাৰ, ৰাজ্যখনৰ এগৰাকী প্ৰবীণ
অভিনেতা, সমাজকর্মী, প্ৰত্যুষ
কুমাৰ ৰাজখোৱাৰ শুকুৰবাৰে
মৃত্যু হয়। ” শুকুৰবাৰে পুৱা ৪.৩০ বজাত নেমকেয়াৰ
হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৭ বছৰ । তেওঁ দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল। ইয়াৰ পূৰ্বে চিকিৎসাৰ বাবে তেওঁক কেইবাবাৰো নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। শুকুৰবাৰে পুৱা চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। সৰল আৰু উদাৰ মনৰ শিল্পী গৰাকী বিভিন্ন সামাজিক কাম-কাজৰ সৈতে জড়িত হৈ আছিল। তেওঁ বেচৰকাৰী সংস্থা ‘মুষলধাৰৰ’ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ
উত্তৰ-পূব শক্তি নিগম ( নিপকো)ৰ অৱসৰ প্রাপ্ত অভিযন্তা আছিল। উল্লেখ্য ‘ৰাংঢালী’, ‘মৰমী’ আদি জনপ্ৰিয় ছবিৰ নায়ক মণি ৰাজখোৱাই
‘ৰাংঢালী’ত অভিনেত্ৰী ৰূপজ্যোতি দাসৰ বিপৰীতে আৰু ‘মৰমী’ত মৃদুলা বৰুৱাৰ সৈতে অভিনয় কৰিছিল । উল্লেখ্য অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা পৰিচালক ( ছবি : নয়নমণি ) সুপ্ৰভা দেৱীৰ ভাতৃ আছিল মণি ৰাজখোৱা ।
শুকুৰবাৰে নৱগ্ৰহ শ্মশানত
তেওঁৰ মুখাগ্নী সম্পন্ন কৰে দুই কন্যা বন্দিতা বৰদলৈ আৰু গীতিকা ৰাজখোৱাই।
কিছুবছৰ পূৰ্বে তেওঁৰ পত্নী মাধৱী ৰাজখোৱাৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ দুই কন্যা, জোঁৱাই, নাতিনীৰ লগতে পৰিয়ালৰ লোক আত্মীয় স্বজনক এৰি থৈ যায়। গুৱাহাটীৰ জটিয়াৰ ‘ইন্দিৰা নিবাস’ৰ বাসিন্দা
প্ৰত্যুষ কুমাৰ ৰাজখোৱাৰ মৃত্যুত অঞ্চলটোৰ বাসিন্দা, লগতে
চলচ্চিত্ৰ জগতত শোকৰ ছা পৰে। আনহাতে বেচৰকাৰী সংস্থা ‘মুষলধাৰৰ’ সদস্য সকলে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।