ৰহা টোলগেটত ভয়ংকৰ ঘটনা।
টোলগেটৰ কৰ্মচাৰীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত তিনিজনকৈ লোক।
এখন বাহনৰ যাত্ৰীয়ে ৰছিদ বিচৰাক লৈ প্ৰথমে আৰম্ভ হয় তৰ্কাতৰ্কিৰ।
তাৰ পিছতে টোলগেটৰ কৰ্মচাৰীয়ে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ।
আহত মৌলানা ফাৰুক আহমেদ, মোস্তাফা আহমেদ আৰু ৰায়হান আহমেদ।
তিনিওৰে ঘৰ হোজাইত।
আহত তিনিওগৰাকীকে ভৰ্তি কৰোৱা হয় নগাঁও অসামৰিক চিকিৎসালয়ত।
মঙলবাৰে নিশা সংঘটিত এই ঘটনাৰ পিছতে নগাঁও আৰক্ষীলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ সামাজিক মাধ্যমৰ জৰিয়তে শীঘ্ৰে আইনগত ব্যবস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।
